TESS-India Video Resources

সকলোকে জড়িতকৰণ

সকলো ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ ক্ৰিয়া-কলাপত অংশ গ্ৰহণ কৰিবলৈ সুযোগ পোৱাটো নিশ্চিত কৰক। শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে জনাটো প্ৰয়োজন। শিক্ষকে শিকাৰুক জনাটোও প্ৰয়োজন, কিয়নো তেতিয়াহে তেওঁলোকে জানিব যে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীয়ে কি জানে আৰু কেনেকৈ জানিলে। এই ভিডিঅ'ত শিক্ষকে তেওঁলোকৰ পাঠসমূহ এনেদৰে সংগঠিত কৰিছে যাতে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে শিকনৰ সুযোগসমূহ সহজলভ্য হয়। দলীয় আৰু যুৰীয়া কাৰ্যই শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ কাৰ্য নিৰীক্ষণ আৰু সুক্ষ্ম পৰ্যৱেক্ষণ কৰিবলৈ সুবিধা দিছে।

আপুনি মূলসমলৰ ' সকলোকে জড়িত কৰা ' সমলটোও পঢ়ি চাব পাৰে।

 

এজন শিক্ষকে ঘৰুৱা ভাষাৰে তেওঁৰ সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছে।

 

এজন শিক্ষকে বৰ কৌশল পূৰ্ণভাৱে এটা বহু শ্ৰেণী আৰু বহুভাষী শ্ৰেণীকোঠাৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যপূৰ্ণ ক্ৰিয়া-কলাপত জড়িত কৰিছে।

 

ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ঘৰুৱা ভাষাৰ লোকগীত সমূহ বিদ্যালয়ৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক।

 

সকলো ছাত্ৰ-ছাত্ৰী পাঠত অংশগ্ৰহণ কৰাত সুযোগ দিবলৈ এজন শিক্ষকে যুৰীয়া কাৰ্য ব্যৱহাৰ কৰিছে

 

সকলো ছাত্ৰ-ছাত্ৰীক পাঠত জড়িত কৰাত নিশ্চিত কৰিবলৈ এজন শিক্ষকে তেওঁৰ ডাঙৰ শ্ৰেণীটো ভালকৈ সজাইছে