TESS-India School Leadership Video Resources
বিদ্যালয়ৰ নেতৃত্ব
তলৰ 'ন' টা ভিডিঅ'ই ভাৰতবৰ্ষৰ বিদ্যালয় সমূহৰ নেতৃত্ব সম্পৰ্কে আলোকপাত কৰিছে। ভাৰতীয় বিদ্যালয়ৰ পৰিচালক সকলে তেওঁলোকৰ প্ৰাথমিক বা মাধ্যমিক বিদ্যালয়ত শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ উন্নতি সাধনৰ বাবে তেওঁলোকে কেনেকৈ পৰিবৰ্তন বোৰ প্ৰয়োগ কৰিছে সেইবিষয়ে কোৱা দেখুৱাইছে। আপোনাৰ নিজৰ বিদ্যালয়ত এনে ধৰণৰ অনুশীলনৰ বাবে অনুসন্ধান কৰিবলৈ আপোনাক উত্সাহিত কৰিব পৰাটোৱে হৈছে এই ভিডিঅ'ৰ লক্ষ্য।
ন [9] টা বিষয়বস্তু অনুসৰি ভিডিঅবোৰ সজোৱা হৈছে-
- বিদ্যালয় আৰু সমাজৰ সহযোগিতা স্থাপন
- আপোনাৰ বিদ্যালয়খনৰ বিষয়ে জানক
- ছাত্ৰ-ছাত্ৰীৰ পটভূমি বুজা
- পঠন আৰু লিখন
- অভিভাৱকক জড়িতকৰণ
- অন্তৰ্ভুক্তি
- শিকন পৰিৱেশ
- প্ৰমুখ শিক্ষক
- প্ৰমুখ শিক্ষণ আৰু শিকন
এই ভিডিঅ'বোৰ TESS-India ৰ বিদ্যালয়ৰ নেতৃত্বৰ মুক্ত শৈক্ষিক সমলৰ বিষয়বস্তুৰ লগত সংযোগ কৰা হৈছে।
