Skip to main content
Printable page generated Wednesday, 24 April 2024, 6:40 PM
Use 'Print preview' to check the number of pages and printer settings.
Print functionality varies between browsers.
Unless otherwise stated, copyright © 2024 The Open University, all rights reserved.
Printable page generated Wednesday, 24 April 2024, 6:40 PM

TESS-India Video Resources

Introduction

Welcome to the TESS-India Video Resources. These videos are freely available as Open Educational Resources (OER) and published under a Creative Commons Attribution-ShareAlike license. They are intended to complement the TESS-India text-based OER for teachers and school leaders. However, they may also be viewed independently of these materials.

TESS-India ৰ ভিডিঅ’ সমললৈ স্বাগতম। এই ভিডিঅ’ সমলবোৰ মুক্ত শৈক্ষিক সমলৰ দৰে সকলোতে বিনামূল্যে প্ৰাপ্ত।এইবোৰ Creative Commons Attribution share Alike Licence ৰ দ্বাৰা প্ৰকাশিত।এইবোৰে শিক্ষক আৰু বিদ্যালয়ৰ নেতাসকলক এই TESS-India ৰ পাঠ্যপুথি ভিত্তিক মুক্ত শৈক্ষিক সমলসমূহ ইচ্ছাকৃতভাৱে পৰিপূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে।

TESS-India ৰ এই ভিডিঅ'বোৰৰ ভাৰতবৰ্ষৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত কৰা হৈছে। সেইবোৰত শিক্ষকে শিশুকেন্দ্ৰীক, সহযোগী শিকন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদৰ্শন কৰা দেখুওৱা হৈছে। এই ভিডিঅ'বোৰত আদৰ্শ অনুশীলনৰ প্ৰদৰ্শন কৰা দেখুওৱা নাই। এই ভিডিঅ'ৰ মূল লক্ষ্য হল- আপোনাক এনে ধৰণৰ পদ্ধতি আৰু কৌশল প্ৰয়োগ কৰি শ্ৰেণীকোঠাত পৰীক্ষা নিৰীক্ষণৰ বাবে আপোনাক অনুপ্ৰাণিত কৰা।

এই ভিডিঅ'বোৰ 10 টা মূল সমলৰ বিষয় অনুসৰি সজোৱা হৈছে আৰু এইবোৰে TESS-Indiaৰ শিক্ষণ শৈলীৰ অনুশীলনত সহায় কৰে।

এই ভিডিঅ'বোৰ 10 টা মূল সমলৰ বিষয় অনুসৰি সজোৱা হৈছে আৰু এইবোৰে TESS-Indiaৰ শিক্ষণ শৈলীৰ অনুশীলনত সহায় কৰে।

PDF সাৰাংশত এই ভিডিঅ'ৰ সম্পূৰ্ণ তালিকাখন পোৱা যাব।

ভিডিঅ'ৰ আন এটা অতিৰিক্ত ভাগে TESS-India ৰ বিদ্যালয় নেতৃত্বৰ মুক্ত শৈক্ষিক সমলৰ ঘাটি অংশ পূৰাব।

Video Resources acknowledgements

পাঠ পৰিকল্পনা

ছাত্ৰ-ছাত্ৰীয়ে ফলপ্ৰসূভাৱে শিকিবলৈ, শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ইতিমধ্যে কিমানখিনি জানিছে তাৰ ওপৰত ভিত্তি কৰি ক্ৰিয়া কলাপৰ পৰিকল্পনা কৰা প্ৰয়োজন। তলৰ ভিডিঅ'ৰ ছবিত ক্লিক্ কৰক- দেখিব ছাত্ৰ-ছাত্ৰীৰ শিকনক আগুৱাই নিওতে শিক্ষকসকলে পাঠ পৰিকল্পনাত কাৰ্য গ্ৰহণ কৰাৰ সম্পৰ্কে কেনেকৈ সিদ্ধান্ত লৈছিল বাখ্যা কৰিছে।

মূলসমলৰ "পাঠ পৰিকল্পনা" সম্পৰ্কে আপুনি পঢ়িবও পাৰে।

গল্পকথন/সাধুকোৱা পিৰিয়ডৰ আগতে এজন শিক্ষকে প্ৰশ্ন, ছবি আঁকি প্ৰস্তুত কৰি ল'ব লাগে যাতে সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলে কাহিনীটো বুজি পোৱাত সহায় হয়।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকৰ পাঠ পৰিকল্পনাত সৃষ্টিমূলক সমল সন্নিবিষ্ট কৰি ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী শব্দ আৰু বৰ্ণ-প্ৰয়োগৰ অনুশীলন কৰিবলৈ সহায় কৰিছে।

Interactive feature not available in single page view (see it in standard view).

 

এজন, শিক্ষকে ছাত্ৰ-ছাত্ৰীক পদাৰ্থৰ বিভিন্ন অৱস্থা সম্পৰ্কে দেখুৱাবলৈ কেনেকৈ এটা প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছিল ব্যাখ্যা কৰিছে।

Interactive feature not available in single page view (see it in standard view).

সকলোকে জড়িতকৰণ

সকলো ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ ক্ৰিয়া-কলাপত অংশ গ্ৰহণ কৰিবলৈ সুযোগ পোৱাটো নিশ্চিত কৰক। শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে জনাটো প্ৰয়োজন। শিক্ষকে শিকাৰুক জনাটোও প্ৰয়োজন, কিয়নো তেতিয়াহে তেওঁলোকে জানিব যে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীয়ে কি জানে আৰু কেনেকৈ জানিলে। এই ভিডিঅ'ত শিক্ষকে তেওঁলোকৰ পাঠসমূহ এনেদৰে সংগঠিত কৰিছে যাতে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে শিকনৰ সুযোগসমূহ সহজলভ্য হয়। দলীয় আৰু যুৰীয়া কাৰ্যই শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ কাৰ্য নিৰীক্ষণ আৰু সুক্ষ্ম পৰ্যৱেক্ষণ কৰিবলৈ সুবিধা দিছে।

আপুনি মূলসমলৰ 'সকলোকে জড়িত কৰা' সমলটোও পঢ়ি চাব পাৰে।

 

এজন শিক্ষকে ঘৰুৱা ভাষাৰে তেওঁৰ সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছে।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে বৰ কৌশল পূৰ্ণভাৱে এটা বহু শ্ৰেণী আৰু বহুভাষী শ্ৰেণীকোঠাৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যপূৰ্ণ ক্ৰিয়া-কলাপত জড়িত কৰিছে।

Interactive feature not available in single page view (see it in standard view).

 

ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ঘৰুৱা ভাষাৰ লোকগীত সমূহ বিদ্যালয়ৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক।

Interactive feature not available in single page view (see it in standard view).

 

সকলো ছাত্ৰ-ছাত্ৰী পাঠত অংশগ্ৰহণ কৰাত সুযোগ দিবলৈ এজন শিক্ষকে যুৰীয়া কাৰ্য ব্যৱহাৰ কৰিছে

Interactive feature not available in single page view (see it in standard view).

 

সকলো ছাত্ৰ-ছাত্ৰীক পাঠত জড়িত কৰাত নিশ্চিত কৰিবলৈ এজন শিক্ষকে তেওঁৰ ডাঙৰ শ্ৰেণীটো ভালকৈ সজাইছে

Interactive feature not available in single page view (see it in standard view).

শিকনৰ বাবে কথন (talk for learning)

শিকনত সহায় কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক পৰস্পৰে আৰু শিক্ষকৰ লগত কথা বাৰ্তা পতাৰ সুযোগ সৃষ্টি কৰাটো অতি প্ৰয়োজন। কথা বাৰ্তাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বুজা নুবুজা কথাবোৰ পৰস্পৰৰ মাজত আলোচনা কৰিব পাৰে আৰু এই অভিজ্ঞতাবোৰ নতুনকৈ শিকা কথাৰ লগত সম্বন্ধ স্থাপন কৰিব পাৰে। সকলো বয়সৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কথন গুৰুত্বপূৰ্ণ। এই ভিডিঅ'ত শিক্ষকে কেনেকৈ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত ফলোপাদক (productive) কথা-বাৰ্তা কোৱাৰ সুযোগ সৃষ্টি কৰিছে সেই সম্পৰ্কে ব্যাখ্যা কৰিছে।

আপুনি মূল সমলৰ 'শিকনৰ বাবে কথন' পঢ়ি চাব পাৰে।

 

এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত কথা কবলৈ উসাহিত কৰিবলৈ খেল-ধেমালিৰ ব্যৱহাৰ কৰিছে।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে তেওঁৰ সকলো ছাত্ৰ-ছাত্ৰীক ক্ৰিয়া-কলাপত অংশ গ্ৰহণ কৰাবলৈ সাৱধানেৰে পাঠৰ এটা বিষয় বাচি লৈছে।

Interactive feature not available in single page view (see it in standard view).

 

ছাত্ৰ-ছাত্ৰীসকলক একেলগে সমস্যা সৃষ্টি কৰি সমাধান কৰাত উৎসাহিত কৰিবলৈ এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক যুৰীয়া ভাবে ভাগ কৰিছে

Interactive feature not available in single page view (see it in standard view).

 

এটা লিখিত কাৰ্যৰ প্ৰস্তুত কৰণৰ বাবে এজন শিক্ষকে আলোচনা ভিত্তিক ক্ৰিয়া-কলাপ ব্যৱহাৰ কৰিছে।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক এনে সুযোগ দিছে-যাতে তেওঁলোকে তেওঁলোকৰ ধাৰণাবোৰ অনুসন্ধান কৰিব পাৰে, তেওঁলোকে চিন্তাৰ বিকাশ সাধন কৰি ইজনে সিজনৰ পৰা শিকিব পাৰে।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে একে স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গোট গঠন কৰি ফলপ্ৰসূ কথা বাৰ্তা পতাৰ বাবে উসাহিত কৰিছে।

Interactive feature not available in single page view (see it in standard view).

যুৰীয়া কাৰ্যৰ ব্যৱহাৰ

যুৰীয়া কাৰ্যই ছাত্ৰ-ছাত্ৰীক ইজনৰ পৰা সিজনে কি বুজিলে সেইয়া আলোচনা কৰি সিদ্ধান্ত লোৱাত সমৰ্থ কৰি তোলে। এই ভিডিঅ'ত যুৰীয়া কাৰ্যক কেনেকৈ সকলো বিষয় আৰু সকলো বয়সৰ ছাত্ৰ-ছাত্ৰীৰ শিকনত সহায় হোৱাকৈ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰি তাকেই দেখুৱাইছে।

আপুনি মূল সমলৰ 'যুৰীয়া কাৰ্যৰ' ব্যৱহাৰ পঢ়ি চাব পাৰে।

 

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক নতুন ভাষাৰ সৈতে চিনাকি হ'বলৈ একো একোটা যোৰত কাম কৰিবলৈ কৈছে।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক ব্যক্তিগত লিখিত কামৰ বাবে প্ৰস্তুত হ'বলৈ যোৰত কথা পাতিবলৈ কৈছে।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ লগত যুৰীয়া কথা-বাৰ্তা ব্যৱহাৰ কৰি তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক ব্যক্তিগতভাৱে লিখা কামৰ বাবে প্ৰস্তুত কৰে।

Interactive feature not available in single page view (see it in standard view).

 

যুৰীয়া ভাব কাম কৰোঁতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ভূমিকা ল'বলগীয়া হয়।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক এটা বৈজ্ঞানিক ধাৰণা গঠন কৰাত সহায় কৰিবলৈ যুৰীয়া ভাবে কথা পাতিবলৈ কৈছে।

Interactive feature not available in single page view (see it in standard view).

চিন্তাৰ বিকাশৰ বাবে প্ৰশ্নৰ ব্যৱহাৰ

শিক্ষকৰ বাবে ভাল প্ৰশ্ন কৰিব পৰাটো এটা মূল কৌশল। ভাল প্ৰশ্নই ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ বিকাশ ঘটাই। প্ৰশ্নই শিক্ষক সকলকো ছাত্ৰ-ছাত্ৰীয়ে কি জানে সেই বিষয়ে জানিব পাৰে। এই ভিডিঅ'ৰ জড়িয়তে শিক্ষকে বিভিন্ন প্ৰকাৰৰ প্ৰশ্নৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ পৰিসৰ বহলাই দিয়াৰ লগতে তেওঁলোকৰ উত্তৰসমূহো মনোযোগেৰে শুনাৰ দৃশ্য দেখুওৱা হৈছে।

আপুনি মূল সমলৰ 'চিন্তাৰ বিকাশৰ বাবে প্ৰশ্নৰ ব্যৱহাৰ পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে।

 

এজন শিক্ষকে শ্ৰেণীকোঠাত কেনেকৈ তেওঁৰ আৰু তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নসোধা আৰু উত্তৰ দিয়া কৌশলৰ বিকাশ সাধন কৰিছে সেই বিষয় কৈছে।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে তেওঁৰ জ্যামিতিৰ শ্ৰেণীত এলানি প্ৰশ্ন কৰাৰ কৌশল ব্যৱহাৰ কৰিছে।

Interactive feature not available in single page view (see it in standard view).

নিৰীক্ষণ আৰু প্ৰতিপুষ্টি প্ৰদান

কেনেকৈ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ শিকন পৰ্যৱেক্ষণ কৰে আৰু নিৰ্দেশনা দিয়ে সেই সম্পৰ্কে এই ভিডিঅ'ই ব্যাখ্যা কৰিছে।

আপুনি মূল সমলৰ "নিৰীক্ষণ আৰু প্ৰতি পুষ্টি প্ৰদান" পঢ়ি চাবলৈও ইচ্ছা কৰিব পাৰে।

 

এজন শিক্ষকে এটা বহুশ্ৰেণী আৰু বহুভাষীক প্ৰসঙ্গঁত ফলপ্ৰসূ প্ৰতিপুষ্টিৰ কৌশলসমূহৰ ব্যৱহাৰ প্ৰদৰ্শন কৰি দেখুৱাইছে।

Interactive feature not available in single page view (see it in standard view).

 

ছাত্ৰ-ছাত্ৰীসকলৰ শিকনৰ পুনৰীক্ষণ কৰিবলৈ অভিভাৱক সকলক এখন প্ৰাথমিক বিদ্যালয়লৈ আমন্ত্ৰণ কৰি অনা হৈছে এই সুযোগতে শিক্ষকসকলে অভিভাৱক সকলৰ লগত তেওঁলোকে ঘৰত শিশুসকলৰ পঢ়া-শুনা কেনেকৈ নিৰীক্ষণ কৰিব সেই বিষয়ে কথা পাতিব পাৰে।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ শিকনত সহায় কৰিবলৈ গোটেই সমগ্ৰ পাঠটোৰ মাজে মাজে নিৰীক্ষণ আৰু প্ৰতিপুষ্টি প্ৰদান কৌশল ব্যৱহাৰ কৰিছে।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীয়ে সৰু দলত কাম কৰি থকা সময়ত মনোযোগেৰে শুনিছে আৰু তাৰ পিছত তেওঁলোকৰ শিকনত সহায় হোৱাকৈ প্ৰতিপুষ্টি প্ৰদান কৰিছে।

Interactive feature not available in single page view (see it in standard view).

দলীয় কাৰ্যৰ ব্যৱহাৰ

দলীয় কাৰ্যই ছাত্ৰ-ছাত্ৰীক ইজনে সিজনৰ লগত ভাব বিনিময় কৰিলে আৰু বুজা পৰাৰ বিকাশ হোৱাৰ সুযোগ দিয়ে। দলীয় কাৰ্য কৰি থকা সময়ত শিক্ষকে ছাত্ৰ-ছাত্ৰীক পৰ্যৱেক্ষণ আৰু নিৰীক্ষণ কৰিবলৈ সুযোগ পায়। এই ভিডিঅ'টোৱে ছাত্ৰ-ছাত্ৰীক বিভিন্ন দলীয় কামৰ বাবে সংগঠিত কৰাৰ কিছুমান উপায় প্ৰদৰ্শন কৰিছে।

আপুনি "দলীয় কাৰ্যৰ ব্যৱহাৰ" মূল সমলটো পঢ়িব পাৰে।

এজন শিক্ষকে বহুশ্ৰেণী আৰু বহুভাষী পৰিস্থিতিত এনে দলীয়কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰে।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে আলোচনা ভিত্তিক কাৰ্যৰ বাবে দলীয় কাৰ্য ব্যৱহাৰ কৰিছে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক চাৰিটা দলত ভাগ কৰিছে আৰু কাৰ্যটোৰ বিভিন্ন ভাগবোৰ কোনে কোনে কৰিব দলৰ সদস্য সকলে তাৰ সিদ্ধান্ত লৈছে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক দলভিত্তিক আলোচনাৰ বাবে প্ৰস্তুত কৰিছে।

Interactive feature not available in single page view (see it in standard view).

অগ্ৰগতি আৰু পাৰদৰ্শিতাৰ মান নিৰূপণ

ছাত্ৰ-ছাত্ৰীৰ আগ্ৰগতিৰ মান নিৰূপণে শিক্ষক সকলক প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন অনুসৰি শিকনৰ পৰিকল্পনা কৰিবলৈ সুবিধা দিয়ে। শিক্ষকে এই ভিডিঅ'ৰ জৰিয়তে শ্ৰেণীকোঠাত মান নিৰূপণৰ বাবে লোৱা বিভিন্ন উপায় সমূহ দেখুৱাইছে। আনকি সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰী থকা শ্ৰেণীকোঠাৰো মান নিৰূপণ কৰা দেখুৱাইছে।

আপুনিৰ 'আগ্ৰগতি আৰু পাৰদৰ্শিতাৰ মান নিৰূপণ' মূল সমলটো পঢ়ি চাবলৈ ইচ্ছা কৰিব পাৰে।

এটা বহুশ্ৰেণী আৰু বহুভাষী পৰিস্থিতিত এজন শিক্ষকে মান নিৰূপণৰ বিভিন্ন প্ৰ-পত্ৰ প্ৰয়োগ কৰে।

Interactive feature not available in single page view (see it in standard view).

ছাত্ৰ-ছাত্ৰীৰ আগ্ৰগতিৰ মান নিৰূপণ কৰিবলৈ এজন শিক্ষকে কেনেকৈ তেওঁ এটা পাঠ পৰিকল্পনা কৰি তাৰ মাজেৰে ভৱিষ্যতৰ পাঠ পৰিকল্পনাৰ আভাস দিয়ে তাকে দেখুৱাইছে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী থকা ডাঙৰ শ্ৰেণী এটাত বিভিন্ন ধৰণৰ অনানুষ্ঠানিক মান নিৰূপনৰ প্ৰচেষ্টা চলাই।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে এটা সৰল পদ্ধতিৰে তেওঁৰ ছাত্ৰ-ছাত্ৰীক মান নিৰূপণ কৰে আৰু তেওঁ মান নিৰূপণত পোৱা ফলাফলসমূহ পৰৱৰ্তী পাঠ পৰিকল্পনা শুধৰণি কৰিবলৈ প্ৰয়োগ কৰে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ পূৰ্ব শিকনৰ ওপৰত থকা জ্ঞানৰ ওপৰত ভিত্তি কৰি দল গঠন কৰে।

Interactive feature not available in single page view (see it in standard view).

স্থানীয় সমলৰ ব্যৱহাৰ

এই ভিডিঅ'ৰ জৰিয়তে কিছুমান শিক্ষকে সৃজনাত্মকভাৱে বিভিন্ন বিষয়ৰ পাঠত ব্যৱহাৰ কৰা উদাহৰণ সমূহ দেখুওৱা হৈছে। স্থানীয় সমলৰ ব্যৱহাৰে ক্ৰিয়া-কলাপ সমূহক ছাত্ৰ-ছাত্ৰীৰ বাবে শিকনক অৰ্থপূৰ্ণ আৰু পৰিচিত কৰি তোলে। সমলে ছাত্ৰ-ছাত্ৰীক বাস্তৱৰ পৰা (যেনে-ফলৰ টুকুৰা আৰু বটলৰ ওপৰৰ বিপনী পওক) প্ৰতীক চিহ্নলৈ (যেনে-ভগ্নাংশ আৰু যোগ) এনে উপায়েৰে লৈ যায় বিষয়বস্তু বুজি পোৱাত তেওঁলোকৰ সহায় হয়। সৃষ্টিশীল ভাৱে সমল ব্যৱহাৰ কৰিলে শিকন ক্ৰিয়া-কলাপসমূহে ছাত্ৰ-ছাত্ৰীক বাৰুকৈয়ে অভিৰোচিত কৰিব পাৰে।

আপুনি মূল সমলৰ 'স্থানীয় সমলৰ ব্যৱহাৰ' পঢ়ি চাবলৈ বিচাৰিব পাৰে।

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰ বাহিৰলৈ লৈ গৈছে যাতে ক্ৰিয়া-কলাপত তেওঁলোক সক্ৰিয়ভাৱে ব্যস্ত হ'ব পাৰে আৰু লগতে অৰ্থপূৰ্ণও হয়।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠটো নিজ হাতে কৰি অভিজ্ঞতা লবলৈ দিয়ে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে প্ৰাকৃতিক সমলবোৰ সৃষ্টিশীল ভাৱে প্ৰয়োগ কৰে যাতে পাঠটো উন্নত কৰিব পাৰে

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে কাল্পনিকভাৱে সমল সমূহ ব্যৱহাৰ কৰে যাতে পাঠ্যপুথিৰ সহায়ক হয়।

Interactive feature not available in single page view (see it in standard view).

ছাত্ৰ-ছাত্ৰীৰ শিকন উন্নত কৰিবলৈ এজন শিক্ষকে বিদ্যালয়ৰ পৰিৱেশকে ব্যৱহাৰ কৰে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ পাঠত ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰাত উসাহিত কৰিবলৈ স্থানীয় আৰু হাতেৰে তৈয়াৰী সমল প্ৰয়োগ কৰে।

Interactive feature not available in single page view (see it in standard view).

গল্প কোৱা, গান গোৱা, একক অভিনয় আৰু নাটক কৰা

এলানি ভিডিঅ'ৰ জৰিয়তে শিক্ষকে ছাত্ৰ-ছাত্ৰীক ইজনে সিজনৰ লগত কৰা সংযোগ সাধনৰ মাজেৰে কেনেকৈ চিন্তাৰ বিকাশ হয় তাকেই দেখুৱাইছে। শিক্ষকে ইয়াৰ বাবে পাঠ্যক্ৰমৰ এটা বৃহৎ পৰিসৰ জড়িত কৰি গল্প বা সাধু গীত-মাত, অভিনয়, নাটক আদিৰ প্ৰয়োগ কৰিছে।

আপুনি "গল্প কথন গীত, অভিনয় আৰু নাটক" এই মূল সমলটো পঢ়ি চাবলৈ বিচাৰিব পাৰে।

এজন শিক্ষকে মত বিনিময় পিৰিয়দ এটাত ছাত্ৰ-ছাত্ৰীৰ পৰিচিত গল্প/সাধু এটা ব্যৱহাৰ কৰে যাতে ছাত্ৰ-ছাত্ৰীয়ে নতুন নতুন ইংৰাজী শব্দ শিকিব পাৰে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক কিছুমান prop ব্যৱহাৰ কৰি এটা পৰিচিত সাধু/গল্প পুনৰবাৰ কয়।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক সংখ্যাৰ ক্ৰিয়া-কলাপত ব্যস্ত ৰাখিবৰ বাবে কেনেকৈ গল্পৰ ব্যৱহাৰ কৰিব তাক অনুসন্ধান কৰে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান সন্মত চিন্তাধাৰাৰ দিশত ব্যস্ত হবলৈ সুপৰিকল্পিতভাবে গল্প /সাধুকথা ব্যৱহাৰ কৰে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে পাঠটো পঢ়োৱাৰ আগতে ছাত্ৰ-ছাত্ৰীক গল্প কথনৰ বাবে নিজকে প্ৰস্তুত কৰি লোৱা আৰু অনুশীলন কৰি লোৱাৰ লাভা লাভ সম্পৰ্কে প্ৰদৰ্শন কৰি দেখুৱায়।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক দৈনন্দিন জীৱনৰ লগত সম্বন্ধ ৰাখি কেনেকৈ গণিত শিকিব পাৰি সেই সম্পৰ্কে অভিনয় কৰি দেখুৱাবলৈ কয়।

Interactive feature not available in single page view (see it in standard view).

বিদ্যালয়ৰ নেতৃত্ব

আৰম্ভণি:-

তলৰ 'ন' টা ভিডিঅ'ই ভাৰতবৰ্ষৰ বিদ্যালয় সমূহৰ নেতৃত্ব সম্পৰ্কে আলোকপাত কৰিছে। ভাৰতীয় বিদ্যালয়ৰ পৰিচালক সকলে তেওঁলোকৰ প্ৰাথমিক বা মাধ্যমিক বিদ্যালয়ত শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ উন্নতি সাধনৰ বাবে তেওঁলোকে কেনেকৈ পৰিবৰ্তন বোৰ প্ৰয়োগ কৰিছে সেইবিষয়ে কোৱা দেখুৱাইছে। আপোনাৰ নিজৰ বিদ্যালয়ত এনে ধৰণৰ অনুশীলনৰ বাবে অনুসন্ধান কৰিবলৈ আপোনাক উত্সাহিত কৰিব পৰাটোৱে হৈছে এই ভিডিঅ'ৰ লক্ষ্য।

ন [9] টা বিষয়বস্তু অনুসৰি ভিডিঅবোৰ সজোৱা হৈছে-

এই ভিডিঅ'বোৰ TESS-India ৰ বিদ্যালয়ৰ নেতৃত্বৰ মুক্ত শৈক্ষিক সমলৰ বিষয়বস্তুৰ লগত সংযোগ কৰা হৈছে।

School leadership video Resources notes ত বিদ্যালয়ৰ নেতৃস্থানীয় লোকসকলে কৰা আলোচনা আৰু কাৰ্যৰ লগত বিভিন্ন ধাৰণাবোৰ সংযোগ সাধন সম্পৰ্কে বহল ভাৱে পাব।

বিদ্যালয় আৰু সমাজৰ অংশীদাৰী স্থাপন

এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি উন্নত কৰিবলৈ প্ৰয়োগ কৰা এটা পৰিবৰ্তনৰ বিষয়ে কৈছে। তেওঁ কেনেকৈ এই সমস্যাটো চিনাক্ত কৰিলে আৰু অভিভাৱকৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিবলৈ কি উপায় অৱলম্বন কৰিছিল সেই বিষয়ে বৰ্ণনা কৰিছে।

Interactive feature not available in single page view (see it in standard view).

বিদ্যালয়ৰ এই নেতৃত্ব স্থানীয়লোক সকলে বিদ্যালয়ৰ নামভৰ্ত্তিকৰণত পৰিবৰ্ত্তন আনিব পৰা আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পৰা মূল ব্যক্তিৰ এখন তালিকা প্ৰস্তুত কৰিছিল। কেনেধৰণৰ ব্যক্তি আপোনাৰ ওচৰত থকাটো আপুনি বিচাৰে যিয়ে বিদ্যালয়ৰ উন্নতিত সহায় কৰিব? আপুনি তেখেতসকলক বিদ্যালয়ৰ সমস্যা সমাধানত আৰু কোনো সিদ্ধান্ত লোৱাত সন্নিবিষ্ট কৰাৰ কথা ভাৱেনে?

বিদ্যালয়ৰ নেতৃত্বৰ লগত সম্বন্ধ থকা মুক্ত শৈক্ষিক সমল :

আপোনাৰ বিদ্যালয়খন বুজিপোৱা

এগৰাকী বিদ্যালয়ৰ নেতৃস্থানীয়লোকে তেখেতৰ বিদ্যালয়খনৰ চাৰিওফালে ঘূৰি-ফুৰি শ্ৰেণীকোঠাৰ শিক্ষণ আৰু শিকন সম্পৰ্কে পৰ্যৱেক্ষণ কৰি ফলপ্ৰসূ শিক্ষণ আৰু শিকন প্ৰণালীক প্ৰশংসা কৰিবলৈ টোকা প্ৰস্তুত কৰে। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে তেওঁ এইদৰে কৰা পৰ্যৱেক্ষণ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে কাৰণ তেওঁলোক এইবোৰত অভ্যস্ত।

Interactive feature not available in single page view (see it in standard view).

যদিহে আপুনি নিয়মিতভাৱে বিদ্যালয়ৰ চাৰিওফালে দৃষ্টি দিবলৈ সময় পায়, তেনেহলে বিদ্যালয়ৰ দৈনিক প্ৰশাসনীয় কাম-কাজৰ খতিয়ান ধৰা পেলাবলৈ সহজ হয়। আপুনি ইয়াৰ প্ৰকৃত কাম কাজৰ লেনদেন সম্পৰ্কে বহু শিকিব পাৰিব। কিমান সঘনে আপুনি ছাত্ৰ-ছাত্ৰীৰ লগত পাঠ প্ৰদানৰ সময়ত বহে আৰু তেওঁলোকৰ বিদ্যালয়ৰ অভিজ্ঞতা সম্পৰ্কে জানিবলৈ বিচাৰে? বিদ্যালয়খনে কিমান ভালকৈ কাম কৰি আছে তাক জানিবলৈ আন কিবা প্ৰমাণ আপুনি কেনেকৈ সংগ্ৰহ কৰিব?

TESS-Indiaৰ বিদ্যালয় নেতৃত্বৰ লগত জড়িত মুক্ত শৈক্ষিক সমল

ছাত্ৰ-ছাত্ৰীৰ পটভূমি বুজি পোৱা

এখন গ্ৰাম্য বিদ্যালয়ত বিদ্যালয়ৰ এগৰাকী নেত্ৰী স্থানীয় লোকে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পটভুমি বুজি পোৱা আৰু শিক্ষণ-শিকনত ইয়াৰ প্ৰভাৱ চিনাক্ত কৰাতে গুৰুত্ব আৰোপ কৰাৰ বিষয়ে কৈছে। যদিও তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ফচল চপোৱাৰ সময়ত মা-দেউতাকক সহায় কৰাৰ দাবীটো পৰিৱৰ্ত্তন কৰিব নোৱাৰে, তথাপি তেওঁ তেওঁলোকক আৰু মাক দেউতাকৰ তেওঁলোকৰ শিকনত যাতে এইবোৰৰ প্ৰভাৱ কম পৰে তাক কৰিবলৈ কৈছে। এইদৰে, বিদ্যালয়ৰ উপস্থিতি উন্নত কৰিবলৈ তেওঁ চেষ্টা কৰে।

Interactive feature not available in single page view (see it in standard view).

ছাত্ৰ-ছাত্ৰীৰ শিকনত কি কি উপাদানে প্ৰভাৱ পেলায় সেইবোৰৰ বিষয়ে আপুনি কিমান জানে? ছাত্ৰ-ছাত্ৰীৰ কেনে সমস্যা আছে সেই বিষয়ে আপোনাৰ হাতত যথেষ্ট তথ্য থকাৰ পাছতো আপুনি সেইবোৰ সমাধানৰ বাবে কেনেদৰে চেষ্টা কৰে?

TESS-Indiaৰ বিদ্যালয়ৰ নেতৃত্বৰ লগত জড়িত মুক্ত শৈক্ষিকসমল

TESS-India ৰ মূল সমলৰ লগত সম্বন্ধ থকা :

পঠন আৰু লিখন

এখন বিদ্যালয়ৰ নেতাই তেওঁৰ বিদ্যালয়ৰ পঠন আৰু লিখনৰ পাঠ প্ৰদানত বিসঙ্গতি থকা এটা সমস্যাৰ বিষয় গোটেই বিদ্যালয়কে সেই সমস্যা সমাধান কৰাত কেনেকৈ আগভাগ ল'বলৈ কৈছিল সেই বিষয়ে বৰ্ণনা কৰিছে। শিক্ষক সকলক বিষয়ৰ লগত সামঞ্জস্য থকা সমস্যা চিনাক্ত কৰিবলৈ দি তেওঁ তাৰ পিছত সহযোগিতাৰে কাম হাতত লৈছিল।

Interactive feature not available in single page view (see it in standard view).

আপুনি দুৰ্বল বুলি সন্দেহ কৰা শিকনৰ কোনো ক্ষেত্ৰ আপোনাৰ বিদ্যালয়ত আছেনে কি? আপুনি কেনেকৈ সেইবোৰ অনুসন্ধান কৰিব আৰু কোন ব্যক্তিক আপুনি আপোনাক সহায় কৰাৰ বাবে তালিকাভূক্ত কৰাব পাৰে?

বিদ্যালয়ৰ নেতৃত্বৰ লগত সম্বন্ধ থকা TESS-India ৰ মুক্ত শৈক্ষিক সমল:

TESS-Indiaৰ মূলসমলৰ লগত সম্বন্ধ থকা:

শিক্ষক বিকাশৰ লগত সম্বন্ধ থকা TESS-India ৰ মুক্ত শৈক্ষিক সমল:

অভিভাৱকক জড়িত কৰা

এখন বিদ্যালয়ৰ নেতাই তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত অভিভাৱকক জড়িত কৰা কাৰ্য এক প্ৰত্যাহ্বান হিচাবে লোৱা সম্পৰ্কে কৈছে। তেখেতে বুজাই দিয়ে যে এবাৰ যদি এটা সংলাপ সকলোৰে মাজত প্ৰতিষ্ঠিত হৈ যায়, তেনেহলে ছাত্ৰ-ছাত্ৰীৰ শিকনত বিপৰীতমুখী প্ৰভাৱ পেলাব পৰা এটা কাৰক সমাধান কৰাত সহজ হৈ পৰে।

Interactive feature not available in single page view (see it in standard view).

অভিভাৱকসকলক বিদ্যালয়ৰ লগত জড়িত কৰা কাৰ্য ছাত্ৰ-ছাত্ৰীৰ শিকনত সহায়ক হোৱা এটা মূল উপাদান। কেনেকৈ আপুনি আপোনাৰ ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃক আপোনাৰ বিদ্যালয়লৈ আহিবলৈ উৎসাহিত কৰিব? এনে কি উপায়েৰে আপুনি অভিভাৱকক তেওঁলোকৰ শিকনত সহায় কৰাৰ বাবে উৎসাহিত কৰিব পাৰিব?

বিদ্যালয়ৰ নেতৃত্বৰ লগত থকা TESS-Indiaৰ মুক্ত শৈক্ষিক সমল:

অন্তৰ্ভুক্ত

এজন বিদ্যালয়ৰ নেতাই বিভিন্ন উপায়েৰে এজন শাৰীৰিকভাৱে অক্ষম শিশুক বিদ্যালয়ৰ ক্ৰিয়া-কলাপত সম্পূৰ্ণৰূপে কৃতকাৰ্যতাৰে অংশগ্ৰহণ কৰাত সহায় কৰাৰ বিষয়ে বৰ্ণনা কৰিছে।

Interactive feature not available in single page view (see it in standard view).

এজন বিদ্যালয়ৰ নেতাই তেওঁলোকৰ বিদ্যালয়ত সকলো সুযোগ সুবিধা থকা হেতুকে সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ ক্ৰিয়া-কলাপত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰাত মূল ভূমিকা ল'ব পাৰে। এই ভিডিঅটোত দেখুৱাৰ দৰে শাৰিৰীক অক্ষমতা, এটা চৰ্ত্ত যিটোৱে ছাত্ৰ-ছাত্ৰীক শিকনৰ পৰা বা আন আন সুবিধাসমূহৰ পৰা বাহিৰত ৰাখিব পাৰে।

কিন্তু এনে আন কিছুমান উপাদানো আছে যেনে- সমাজিক অৱস্থা, লিংগ, ভেদ বা দৃষ্টিহীনতা যিবোৰক কিছু কম পৰিমাণৰ চিকিসাৰ প্ৰয়োজন। আপোনাৰ বিদ্যালয়ৰ সকলো শিশুৱে শিকনত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিব পাৰেনে?

বিদ্যালয়ৰ নেতৃত্বৰ লগত সম্বন্ধ থকা TESS-Indiaৰ মুক্ত শৈক্ষিক সমল

TESS-Indiaৰ মূল সমলৰ লগত সম্বন্ধ থকা:

শিকন পৰিৱেশ

এগৰাকী বিদ্যালয়ৰ নেতাই তেওঁৰ বিদ্যালয়ৰ মান উন্নত কৰাৰ বাবে সক্ৰিয়ভাবে শিকন পৰিৱেশ নিৰীক্ষণ কৰে। তেখেতে পাঠবোৰ পৰ্যৱেক্ষণ কৰে আৰু এই বিষয়ে তেখেতৰ সহকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীৰ লগত কথা বতৰা পাতে। একে সময়তে নিয়মানুৱৰ্তিতা আৰু বিদ্যালয়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় সমস্যাবোৰো লক্ষ্য কৰে।

Interactive feature not available in single page view (see it in standard view).

শিকনত বিদ্যালয়ৰ পৰিৱেশে যে সহায় কৰে তাক নিশ্চিত কৰাটো বিদ্যালয়ৰ এজন মুৰব্বীৰ ভূমিকাৰ এটা ভাগ। এই সকলো উপাদানৰ ভিতৰত সজাগ হবলগীয়া উপাদান কেইটা হৈছে-শিক্ষণৰ গুণাগুণ, পাঠ্যপুথিৰ সুবিধা, ছাত্ৰ-ছাত্ৰীৰ আচৰণ আৰু পানীৰ সহজলভ্য ব্যৱস্থা। আপুনি আপোনাৰ বিদ্যালয়ত সকলো ছাত্ৰ-ছাত্ৰীৰ শিকন পৰিৱেশ উন্নত কৰিবলৈ কি কৰিব পাৰে?

Related TESS-India School Leadership OER:

TESS-India ৰ মূল সমলৰ লগত সম্বন্ধ থকা:

নেতৃস্থানীয় শিক্ষক

এগৰাকী বিদ্যালয়ৰ মুৰব্বীয়ে প্ৰমুখ শিক্ষকৰ বিষয়ে কি কয় শুনক আৰু তেওঁ কত গুৰুত্ব দিছে সেইটো লক্ষ্য কৰক ছাত্ৰ-ছাত্ৰীৰ অভিজ্ঞতাক তেওঁ কেনেকৈ অগ্ৰাধিকাৰ দিছে তাকো লক্ষ্য কৰক।

Interactive feature not available in single page view (see it in standard view).

যেতিয়া এগৰাকী বিদ্যালয়ৰ নেতাই তেওঁৰ শিক্ষকক নেতৃত্ব দিয়াৰ বিষয়ে কয় তাত তেওঁ শিক্ষক সকলক কেনেকৈ সংগঠিত কৰে সেইটোতহে মূখ্যৰূপে আলোকপাত কৰে। লগতে তেওঁ বিদ্যালয়ত কেনেকৈ সহযোগিতামূলকৰ শিকনৰ প্ৰতি আগ্ৰহ জন্মায় আৰু কেনেকৈ তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ লগত আঁকিবলৈ সময় উলিয়াই লয় সেই বিষয়েও কয়। আপোনাৰ শিক্ষকসকলক আগুৱাই নিয়াত আপোনাৰ অগ্ৰাধিকাৰ আৰু অতিব্যস্ততাৰ লগত তেওঁৰ পদ্ধতিসমূহ কিমানদূৰ মুক্ত হৈ আছে?

বিদ্যালয়ৰ নেতৃত্বৰ লগত সম্বন্ধ থকা TESS-Indiaৰ মুক্ত শৈক্ষিক সমল

শিক্ষণ আৰু শিকন আগবঢ়াই নিয়ক

এজন বিদ্যালয়ৰ নেতাই কেনেকৈ তেওঁৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ লগত অংশগ্ৰহণকাৰী পদ্ধতিৰ ব্যৱহাৰ কৰাত শিক্ষকসকলক সমৰ্থ কৰি তুলিছে সেই সম্পৰ্কে কৈছে। এগৰাকী নেতা হিচাপে, তেওঁ নিজে এই পদ্ধতিবোৰ আদৰ্শ পদ্ধতি হিচাপে ধৰি ৰখাৰ বাবে যত্ন লৈছে।

Interactive feature not available in single page view (see it in standard view).

বিদ্যালয়ৰ এই নেতা সকলে শিক্ষকসকল কামত ব্যস্ত থকা, পৰস্পৰৰ মাজত লগতে ছাত্ৰ-ছাত্ৰীৰ লগত কথা পতা সম্পৰ্কে অনুসন্ধান কৰে। কাৰিকুলামৰ কথাবোৰ যাতে সামৰা হয় সেইটো নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ, কিন্তু কেনেকৈ আপুনি ছাত্ৰ-ছাত্ৰীৰ শিকন অভিজ্ঞতাৰ বুজ ল'ব? আপুনি কেনেকৈ এটা অংশগ্ৰহণকাৰী পদ্ধতি আপোনাৰ বিদ্যালয়ৰ সকলো পাঠতে প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰিব?

Related TESS-India School Leadership OER:

TESS-Indiaৰ লগত সম্বন্ধ থকা মূলসমল সমূহ: