Skip to main content
Printable page generated Friday, 19 April 2024, 3:25 PM
Use 'Print preview' to check the number of pages and printer settings.
Print functionality varies between browsers.
Unless otherwise stated, copyright © 2024 The Open University, all rights reserved.
Printable page generated Friday, 19 April 2024, 3:25 PM

TESS-India School Leadership Video Resources

বিদ্যালয়ৰ নেতৃত্ব

তলৰ 'ন' টা ভিডিঅ'ই ভাৰতবৰ্ষৰ বিদ্যালয় সমূহৰ নেতৃত্ব সম্পৰ্কে আলোকপাত কৰিছে। ভাৰতীয় বিদ্যালয়ৰ পৰিচালক সকলে তেওঁলোকৰ প্ৰাথমিক বা মাধ্যমিক বিদ্যালয়ত শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ উন্নতি সাধনৰ বাবে তেওঁলোকে কেনেকৈ পৰিবৰ্তন বোৰ প্ৰয়োগ কৰিছে সেইবিষয়ে কোৱা দেখুৱাইছে। আপোনাৰ নিজৰ বিদ্যালয়ত এনে ধৰণৰ অনুশীলনৰ বাবে অনুসন্ধান কৰিবলৈ আপোনাক উত্সাহিত কৰিব পৰাটোৱে হৈছে এই ভিডিঅ'ৰ লক্ষ্য।

ন [9] টা বিষয়বস্তু অনুসৰি ভিডিঅবোৰ সজোৱা হৈছে-

এই ভিডিঅ'বোৰ TESS-India ৰ বিদ্যালয়ৰ নেতৃত্বৰ মুক্ত শৈক্ষিক সমলৰ বিষয়বস্তুৰ লগত সংযোগ কৰা হৈছে।

School leadership video Resources notes ত বিদ্যালয়ৰ নেতৃস্থানীয় লোকসকলে কৰা আলোচনা আৰু কাৰ্যৰ লগত বিভিন্ন ধাৰণাবোৰ সংযোগ সাধন সম্পৰ্কে বহল ভাৱে পাব।

বিদ্যালয় আৰু সমাজৰ অংশীদাৰী স্থাপন

এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি উন্নত কৰিবলৈ প্ৰয়োগ কৰা এটা পৰিবৰ্তনৰ বিষয়ে কৈছে। তেওঁ কেনেকৈ এই সমস্যাটো চিনাক্ত কৰিলে আৰু অভিভাৱকৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিবলৈ কি উপায় অৱলম্বন কৰিছিল সেই বিষয়ে বৰ্ণনা কৰিছে।

Interactive feature not available in single page view (see it in standard view).

বিদ্যালয়ৰ এই নেতৃত্ব স্থানীয়লোক সকলে বিদ্যালয়ৰ নামভৰ্ত্তিকৰণত পৰিবৰ্ত্তন আনিব পৰা আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পৰা মূল ব্যক্তিৰ এখন তালিকা প্ৰস্তুত কৰিছিল। কেনেধৰণৰ ব্যক্তি আপোনাৰ ওচৰত থকাটো আপুনি বিচাৰে যিয়ে বিদ্যালয়ৰ উন্নতিত সহায় কৰিব? আপুনি তেখেতসকলক বিদ্যালয়ৰ সমস্যা সমাধানত আৰু কোনো সিদ্ধান্ত লোৱাত সন্নিবিষ্ট কৰাৰ কথা ভাৱেনে?

বিদ্যালয়ৰ নেতৃত্বৰ লগত সম্বন্ধ থকা মুক্ত শৈক্ষিক সমল :

আপোনাৰ বিদ্যালয়খন বুজিপোৱা

এগৰাকী বিদ্যালয়ৰ নেতৃস্থানীয়লোকে তেখেতৰ বিদ্যালয়খনৰ চাৰিওফালে ঘূৰি-ফুৰি শ্ৰেণীকোঠাৰ শিক্ষণ আৰু শিকন সম্পৰ্কে পৰ্যৱেক্ষণ কৰি ফলপ্ৰসূ শিক্ষণ আৰু শিকন প্ৰণালীক প্ৰশংসা কৰিবলৈ টোকা প্ৰস্তুত কৰে। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে তেওঁ এইদৰে কৰা পৰ্যৱেক্ষণ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে কাৰণ তেওঁলোক এইবোৰত অভ্যস্ত।

Interactive feature not available in single page view (see it in standard view).

যদিহে আপুনি নিয়মিতভাৱে বিদ্যালয়ৰ চাৰিওফালে দৃষ্টি দিবলৈ সময় পায়, তেনেহলে বিদ্যালয়ৰ দৈনিক প্ৰশাসনীয় কাম-কাজৰ খতিয়ান ধৰা পেলাবলৈ সহজ হয়। আপুনি ইয়াৰ প্ৰকৃত কাম কাজৰ লেনদেন সম্পৰ্কে বহু শিকিব পাৰিব। কিমান সঘনে আপুনি ছাত্ৰ-ছাত্ৰীৰ লগত পাঠ প্ৰদানৰ সময়ত বহে আৰু তেওঁলোকৰ বিদ্যালয়ৰ অভিজ্ঞতা সম্পৰ্কে জানিবলৈ বিচাৰে? বিদ্যালয়খনে কিমান ভালকৈ কাম কৰি আছে তাক জানিবলৈ আন কিবা প্ৰমাণ আপুনি কেনেকৈ সংগ্ৰহ কৰিব?

TESS-Indiaৰ বিদ্যালয় নেতৃত্বৰ লগত জড়িত মুক্ত শৈক্ষিক সমল

ছাত্ৰ-ছাত্ৰীৰ পটভূমি বুজি পোৱা

এখন গ্ৰাম্য বিদ্যালয়ত বিদ্যালয়ৰ এগৰাকী নেত্ৰী স্থানীয় লোকে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পটভুমি বুজি পোৱা আৰু শিক্ষণ-শিকনত ইয়াৰ প্ৰভাৱ চিনাক্ত কৰাতে গুৰুত্ব আৰোপ কৰাৰ বিষয়ে কৈছে। যদিও তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ফচল চপোৱাৰ সময়ত মা-দেউতাকক সহায় কৰাৰ দাবীটো পৰিৱৰ্ত্তন কৰিব নোৱাৰে, তথাপি তেওঁ তেওঁলোকক আৰু মাক দেউতাকৰ তেওঁলোকৰ শিকনত যাতে এইবোৰৰ প্ৰভাৱ কম পৰে তাক কৰিবলৈ কৈছে। এইদৰে, বিদ্যালয়ৰ উপস্থিতি উন্নত কৰিবলৈ তেওঁ চেষ্টা কৰে।

Interactive feature not available in single page view (see it in standard view).

ছাত্ৰ-ছাত্ৰীৰ শিকনত কি কি উপাদানে প্ৰভাৱ পেলায় সেইবোৰৰ বিষয়ে আপুনি কিমান জানে? ছাত্ৰ-ছাত্ৰীৰ কেনে সমস্যা আছে সেই বিষয়ে আপোনাৰ হাতত যথেষ্ট তথ্য থকাৰ পাছতো আপুনি সেইবোৰ সমাধানৰ বাবে কেনেদৰে চেষ্টা কৰে?

TESS-Indiaৰ বিদ্যালয়ৰ নেতৃত্বৰ লগত জড়িত মুক্ত শৈক্ষিকসমল

TESS-India ৰ মূল সমলৰ লগত সম্বন্ধ থকা :

পঠন আৰু লিখন

এখন বিদ্যালয়ৰ নেতাই তেওঁৰ বিদ্যালয়ৰ পঠন আৰু লিখনৰ পাঠ প্ৰদানত বিসঙ্গতি থকা এটা সমস্যাৰ বিষয় গোটেই বিদ্যালয়কে সেই সমস্যা সমাধান কৰাত কেনেকৈ আগভাগ ল'বলৈ কৈছিল সেই বিষয়ে বৰ্ণনা কৰিছে। শিক্ষক সকলক বিষয়ৰ লগত সামঞ্জস্য থকা সমস্যা চিনাক্ত কৰিবলৈ দি তেওঁ তাৰ পিছত সহযোগিতাৰে কাম হাতত লৈছিল।

Interactive feature not available in single page view (see it in standard view).

আপুনি দুৰ্বল বুলি সন্দেহ কৰা শিকনৰ কোনো ক্ষেত্ৰ আপোনাৰ বিদ্যালয়ত আছেনে কি? আপুনি কেনেকৈ সেইবোৰ অনুসন্ধান কৰিব আৰু কোন ব্যক্তিক আপুনি আপোনাক সহায় কৰাৰ বাবে তালিকাভূক্ত কৰাব পাৰে?

বিদ্যালয়ৰ নেতৃত্বৰ লগত সম্বন্ধ থকা TESS-India ৰ মুক্ত শৈক্ষিক সমল:

TESS-Indiaৰ মূলসমলৰ লগত সম্বন্ধ থকা:

শিক্ষক বিকাশৰ লগত সম্বন্ধ থকা TESS-India ৰ মুক্ত শৈক্ষিক সমল:

অভিভাৱকক জড়িত কৰা

এখন বিদ্যালয়ৰ নেতাই তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত অভিভাৱকক জড়িত কৰা কাৰ্য এক প্ৰত্যাহ্বান হিচাবে লোৱা সম্পৰ্কে কৈছে। তেখেতে বুজাই দিয়ে যে এবাৰ যদি এটা সংলাপ সকলোৰে মাজত প্ৰতিষ্ঠিত হৈ যায়, তেনেহলে ছাত্ৰ-ছাত্ৰীৰ শিকনত বিপৰীতমুখী প্ৰভাৱ পেলাব পৰা এটা কাৰক সমাধান কৰাত সহজ হৈ পৰে।

Interactive feature not available in single page view (see it in standard view).

অভিভাৱকসকলক বিদ্যালয়ৰ লগত জড়িত কৰা কাৰ্য ছাত্ৰ-ছাত্ৰীৰ শিকনত সহায়ক হোৱা এটা মূল উপাদান। কেনেকৈ আপুনি আপোনাৰ ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃক আপোনাৰ বিদ্যালয়লৈ আহিবলৈ উৎসাহিত কৰিব? এনে কি উপায়েৰে আপুনি অভিভাৱকক তেওঁলোকৰ শিকনত সহায় কৰাৰ বাবে উৎসাহিত কৰিব পাৰিব?

বিদ্যালয়ৰ নেতৃত্বৰ লগত থকা TESS-Indiaৰ মুক্ত শৈক্ষিক সমল:

অন্তৰ্ভুক্ত

এজন বিদ্যালয়ৰ নেতাই বিভিন্ন উপায়েৰে এজন শাৰীৰিকভাৱে অক্ষম শিশুক বিদ্যালয়ৰ ক্ৰিয়া-কলাপত সম্পূৰ্ণৰূপে কৃতকাৰ্যতাৰে অংশগ্ৰহণ কৰাত সহায় কৰাৰ বিষয়ে বৰ্ণনা কৰিছে।

Interactive feature not available in single page view (see it in standard view).

এজন বিদ্যালয়ৰ নেতাই তেওঁলোকৰ বিদ্যালয়ত সকলো সুযোগ সুবিধা থকা হেতুকে সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ ক্ৰিয়া-কলাপত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰাত মূল ভূমিকা ল'ব পাৰে। এই ভিডিঅটোত দেখুৱাৰ দৰে শাৰিৰীক অক্ষমতা, এটা চৰ্ত্ত যিটোৱে ছাত্ৰ-ছাত্ৰীক শিকনৰ পৰা বা আন আন সুবিধাসমূহৰ পৰা বাহিৰত ৰাখিব পাৰে।

কিন্তু এনে আন কিছুমান উপাদানো আছে যেনে- সমাজিক অৱস্থা, লিংগ, ভেদ বা দৃষ্টিহীনতা যিবোৰক কিছু কম পৰিমাণৰ চিকিসাৰ প্ৰয়োজন। আপোনাৰ বিদ্যালয়ৰ সকলো শিশুৱে শিকনত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিব পাৰেনে?

বিদ্যালয়ৰ নেতৃত্বৰ লগত সম্বন্ধ থকা TESS-Indiaৰ মুক্ত শৈক্ষিক সমল

TESS-Indiaৰ মূল সমলৰ লগত সম্বন্ধ থকা:

শিকন পৰিৱেশ

এগৰাকী বিদ্যালয়ৰ নেতাই তেওঁৰ বিদ্যালয়ৰ মান উন্নত কৰাৰ বাবে সক্ৰিয়ভাবে শিকন পৰিৱেশ নিৰীক্ষণ কৰে। তেখেতে পাঠবোৰ পৰ্যৱেক্ষণ কৰে আৰু এই বিষয়ে তেখেতৰ সহকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীৰ লগত কথা বতৰা পাতে। একে সময়তে নিয়মানুৱৰ্তিতা আৰু বিদ্যালয়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় সমস্যাবোৰো লক্ষ্য কৰে।

Interactive feature not available in single page view (see it in standard view).

শিকনত বিদ্যালয়ৰ পৰিৱেশে যে সহায় কৰে তাক নিশ্চিত কৰাটো বিদ্যালয়ৰ এজন মুৰব্বীৰ ভূমিকাৰ এটা ভাগ। এই সকলো উপাদানৰ ভিতৰত সজাগ হবলগীয়া উপাদান কেইটা হৈছে-শিক্ষণৰ গুণাগুণ, পাঠ্যপুথিৰ সুবিধা, ছাত্ৰ-ছাত্ৰীৰ আচৰণ আৰু পানীৰ সহজলভ্য ব্যৱস্থা। আপুনি আপোনাৰ বিদ্যালয়ত সকলো ছাত্ৰ-ছাত্ৰীৰ শিকন পৰিৱেশ উন্নত কৰিবলৈ কি কৰিব পাৰে?

Related TESS-India School Leadership OER:

TESS-India ৰ মূল সমলৰ লগত সম্বন্ধ থকা:

নেতৃস্থানীয় শিক্ষক

এগৰাকী বিদ্যালয়ৰ মুৰব্বীয়ে প্ৰমুখ শিক্ষকৰ বিষয়ে কি কয় শুনক আৰু তেওঁ কত গুৰুত্ব দিছে সেইটো লক্ষ্য কৰক ছাত্ৰ-ছাত্ৰীৰ অভিজ্ঞতাক তেওঁ কেনেকৈ অগ্ৰাধিকাৰ দিছে তাকো লক্ষ্য কৰক।

Interactive feature not available in single page view (see it in standard view).

যেতিয়া এগৰাকী বিদ্যালয়ৰ নেতাই তেওঁৰ শিক্ষকক নেতৃত্ব দিয়াৰ বিষয়ে কয় তাত তেওঁ শিক্ষক সকলক কেনেকৈ সংগঠিত কৰে সেইটোতহে মূখ্যৰূপে আলোকপাত কৰে। লগতে তেওঁ বিদ্যালয়ত কেনেকৈ সহযোগিতামূলকৰ শিকনৰ প্ৰতি আগ্ৰহ জন্মায় আৰু কেনেকৈ তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ লগত আঁকিবলৈ সময় উলিয়াই লয় সেই বিষয়েও কয়। আপোনাৰ শিক্ষকসকলক আগুৱাই নিয়াত আপোনাৰ অগ্ৰাধিকাৰ আৰু অতিব্যস্ততাৰ লগত তেওঁৰ পদ্ধতিসমূহ কিমানদূৰ মুক্ত হৈ আছে?

বিদ্যালয়ৰ নেতৃত্বৰ লগত সম্বন্ধ থকা TESS-Indiaৰ মুক্ত শৈক্ষিক সমল

শিক্ষণ আৰু শিকন আগবঢ়াই নিয়ক

এজন বিদ্যালয়ৰ নেতাই কেনেকৈ তেওঁৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ লগত অংশগ্ৰহণকাৰী পদ্ধতিৰ ব্যৱহাৰ কৰাত শিক্ষকসকলক সমৰ্থ কৰি তুলিছে সেই সম্পৰ্কে কৈছে। এগৰাকী নেতা হিচাপে, তেওঁ নিজে এই পদ্ধতিবোৰ আদৰ্শ পদ্ধতি হিচাপে ধৰি ৰখাৰ বাবে যত্ন লৈছে।

Interactive feature not available in single page view (see it in standard view).

বিদ্যালয়ৰ এই নেতা সকলে শিক্ষকসকল কামত ব্যস্ত থকা, পৰস্পৰৰ মাজত লগতে ছাত্ৰ-ছাত্ৰীৰ লগত কথা পতা সম্পৰ্কে অনুসন্ধান কৰে। কাৰিকুলামৰ কথাবোৰ যাতে সামৰা হয় সেইটো নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ, কিন্তু কেনেকৈ আপুনি ছাত্ৰ-ছাত্ৰীৰ শিকন অভিজ্ঞতাৰ বুজ ল'ব? আপুনি কেনেকৈ এটা অংশগ্ৰহণকাৰী পদ্ধতি আপোনাৰ বিদ্যালয়ৰ সকলো পাঠতে প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰিব?

Related TESS-India School Leadership OER:

TESS-Indiaৰ লগত সম্বন্ধ থকা মূলসমল সমূহ: